নবীন-প্ৰবীন লেখক-লেখিকাক
উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ১৪ ফেব্ৰুৱাৰী, ২০১৪ চনত মালিক
পাব্লিচিং হাউচক জন্ম দিয়া হৈছিল। আমাৰ সপোন আছিল, আমাৰ প্ৰকাশন গোষ্ঠীৰ নিজা এখন
আলোচনী প্ৰকাশ কৰা। চাৰি বছৰৰ পিছত সপোন পূৰণ হ’ল, যোৱা ১ মে’, ২০১৮ চনত প্ৰকাশ পালে আমাৰ প্ৰকাশন গোষ্ঠীৰ পৰা হৃদয় মাহেকীয়া
আলোচনী। ভাষা-সাহিত্য-সংস্কৃতি আৰু অৰ্থনীতিৰ দাপোন ‘হৃদয়’। ইয়াৰ যোগেদি বিভিন্ন ধৰণৰ
লেখা বিভিন্ন আকাৰত প্ৰকাশ কৰা হয়। বৰ্তমান মালিক পাব্লিচিং হাউচৰ পৰা ছপা মাধ্যমত
‘হৃদয় মাহেকীয়া
আলোচনী’ নিয়মীয়াকৈ
প্ৰকাশ কৰা হৈ আছে। তাৰ পিছতে যোৱা ২ ডিচেম্বৰ, ২০১৮ চনত আমি আৰম্ভ কৰিবলৈ ধৰিলোঁ হৃদয় প্ৰডাকচন। ইয়াৰ জড়িয়তে বিভিন্ন অডিঅ', ভিডিঅ' বনোৱা হয়। হৃদয়ৰ নিজা ইউটিউব চেনেল 'হৃদয়' আৰম্ভ কৰা হ'ল। আপোনালোকৰ মৰম আশীৰ্বাদত হৃদয়ে বৰ্তমান অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যেতো
জনপ্ৰিয়তা লাভ কৰিছে, আনকি ভাৰতৰ বাহিৰেও আন কেইবাখনো দেশত জনপ্ৰিয়তা লাভ কৰিছে। এয়া
সম্ভৱ হৈছে আপোনালোকে হৃদয়ৰ প্ৰতি দেখুওৱা মৰমৰ বাবে তথা হৃদয়ৰ প্ৰতি থকা আস্থাৰ
বাবে। আশা ৰাখিছোঁ অনগাত দিনবোৰতো আপোনালোকে একে মৰম দি যাব আৰু সহযোগিতা
আগবঢ়াই যাব।
স্বত্তাধিকাৰীঃ
মইনুল আলী
আমাৰ ইমেইলঃ
hridoimagazine@gmail.com
হৃদয়ৰ পুৰণি সংখ্যাবোৰ পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰক।